হিতো 25:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে, তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়। |
যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।
তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷
কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;