Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 কৰি 12:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;

অধ্যায়টো চাওক কপি কৰক




2 কৰি 12:20
34 পৰস্পৰ সংযোগসমূহ  

এতেকে সকলো মন্দ, প্ৰৱঞ্চনা, কপটতা, হিংসা আৰু পৰচৰ্চা, দূৰ কৰক৷


কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকে, তেনেহলে সাৱধান হ’ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷


মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে।


তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ;


তেওঁলোক বিবাদকাৰী, স্ব-ভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী; তেওঁলোকৰ মুখে গৰ্ব-কথা কয়; তেওঁলোকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে।


উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।


কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।


সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহক।


তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷


মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়; তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ একত্ৰিত হৈ আলোচনা কৰে।


আগেয়ে পাপ কৰা সকলক আৰু আন সকলোকে মই দ্বিতীয় বাৰ উপস্থিত হৈ কোৱাৰ দৰে, সেই বিষয়ে আকৌ কৈছোঁ: “যদি আকৌ আহো মই তেখেত সকলক ক্ষমা নকৰিম৷”


আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ’লে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ।


মই আপোনালোকক মিনতি কৰিছোঁ যে, যেতিয়া মই আপোনালোকৰ সৈতে থাকো তেতিয়া যেন মই আত্মবিশ্ৱাসৰ সাহসেৰে সাহসী নহওঁ; কিন্তু যেতিয়া আমাক যি সকলে মাংস অনুসাৰে চলা বুলি জ্ঞান কৰিব, তেতিয়া সেই সকলৰ বিৰুদ্ধে মই যেনে আৱশ্যকতা জ্ঞান কৰিছোঁ, উপস্থিত কালত তেনে সাহসেৰে মই সাহিয়াল হম৷


আপোনালোকলৈ মোৰ মৰম থকা বাবেই, মই এতিয়ালৈকে কৰিন্থলৈ যোৱা নাই, মোৰ প্ৰাণৰ ওপৰত ঈশ্বৰকহে এই কথাৰ সাক্ষী লৈছোঁ।


কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,


তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷


কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;


আপোনালোকে তথাপি নিজৰ বিষয়ে অহংকাৰহে কৰি আছে! ইয়াৰ পৰিৱর্তে আপোনালোকে জানো শোক কৰা উচিত নাছিল? এনে কৰ্ম যি জন ব্যক্তিয়ে কৰিছে, তেওঁক যেন আপোনালোকৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হয়।


সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই আপোনালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলোঁ৷


হে ভাইসকল, আপোনালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নক’ব; যি জনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সোধ-বিচাৰ কৰে, সেই জনে বিধানৰ বিৰুদ্ধে কথা কয় আৰু ঈশ্বৰৰ বিধানৰ সোধ-বিচাৰ কৰে, তেনেস্থলত সেই জন বিধান পালনকাৰী নহয় কিন্তু বিধানৰ বিচাৰকৰ্তাহে হয়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন