হিতো 18:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে। |
আৰু অবচালোমে অম্নোনক ভাল বেয়া একোকে নক’লে; কিয়নো তেওঁৰ ভনীয়েক তামাৰক অম্নোনে বলাৎকাৰ কৰাৰ কাৰণে অবচালোমে তাক ঘিণ কৰিলে।
অবচালোমে তেওঁৰ দাসবোৰক এই আজ্ঞা কৰিলে, বোলে, “ভালদৰে শুন৷ অম্নোনৰ মন কোন সময়ত দ্ৰাক্ষাৰসত প্ৰফুল্লিত হয়, তহঁতে তাক ভালকৈ চাবি আৰু যেতিয়া ‘অম্নোনক আঘাত কৰ’ বুলি মই তহঁতক কম, তেতিয়া তাক বধ কৰিবি, ভয় নকৰিবি; মই তহঁতক জানো হুকুম দিয়া নাই? সাহিয়াল হৈ বীৰত্ব দেখুওৱা।”
যেতিয়া গোটেই ইস্ৰায়েলে দেখিলে যে ৰজাই তেওঁলোকৰ কথালৈ কাণ দিয়া নাই, তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দি ক’লে, “দায়ুদত আমাৰ কি ভাগ আছে? যিচয়ৰ পুত্ৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল নিজ নিজ তম্বুলৈ গুচি যোৱা! হে দায়ুদ এতিয়া তুমি নিজ বংশলৈ চোৱা।” তেতিয়া ইস্ৰায়েলে নিজ নিজ তম্বুলৈ গুচি গ’ল।
অবিয়া আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ মাজত মহা সংহাৰেৰে সংহাৰ কৰিলে; তাতে ইস্ৰায়েলৰ মাজত পাঁচলাখ মনোনীত লোকৰ মৃত্যু হ’ল।
তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ’ল। পাছত পৰস্পৰে পৃথক হৈ গ’ল। বার্ণব্বাই মাৰ্কক লগত লৈ জাহাজেৰে কুপ্ৰ দ্বীপলৈ যাত্রা কৰিলে।
লোকসকলৰ সৈতে দায়ূদে কথা পাতি থাকোতে তেওঁৰ ডাঙৰ ককায়েক ইলীয়াবে তেওঁৰ কথা শুনি তেওঁলৈ ক্ৰুদ্ধ হৈ ক’লে, “তই ইয়ালৈ কিয় নামি আহিলি?” মৰুপ্ৰান্তৰ মাজত সেই মেৰ-ছাগকেইটা কাৰ ওচৰত থৈ আহিলি? তোৰ অহংকাৰ আৰু মনৰ দুষ্টতা মই জানো, তই কেৱল যুদ্ধ চাবলৈহে ইয়ালৈ নামি আহিলি।”