18 চিঠি-খেলে বিবাদ সমাপ্ত কৰে, আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে।
চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।
সেই লোক সকলৰ মুখ্য লোক সকল আৰু অৱশিষ্ট লোক সকলৰ দহ জনৰ মাজত এজনক যিৰূচালেমত আৰু আন ন জনক বেলেগ নগৰত বাস কৰিবলৈ দিবৰ বাবে চিঠি খেলালে।
দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।
মৰাৰীৰ বংশধৰ সকলক বিভিন্ন গোষ্ঠী অনুসাৰে ৰূবেণ জাতিৰ, গাদ জাতিৰ, আৰু জবূলূন জাতিৰ পৰা, চিঠি খেলাই বাৰখন নগৰ দিয়া হ’ল।
তেতিয়া চৌলে ক’লে, “মোৰ আৰু মোৰ পুত্ৰ যোনাথনৰ মাজত চিঠি খেল কৰা।” তাতে যোনাথনক নিৰ্ণয় কৰা হ’ল।
উত্তৰাধিকাৰ সূত্ৰে পোৱা অঞ্চলসমূহ, যিহোৱাই মোচিৰ যোগেদি নির্দেশ দিয়া অনুসাৰে, চিঠি-খেলৰ দ্বাৰাই সেই ন জন-গোষ্ঠী আৰু আধা জন-গোষ্ঠীক ভাগ বাঁটি দিয়া হৈছিল।
যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;
দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে।
তেতিয়া চৌলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক’লে, প্ৰকৃততে কি হয়, তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই যোনাথন আৰু চৌলক নিৰ্ণয় কৰা হ’ল, কিন্তু লোক সমূহ এৰা পৰিল।