Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 চমূ 17:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 লোকসকলৰ সৈতে দায়ূদে কথা পাতি থাকোতে তেওঁৰ ডাঙৰ ককায়েক ইলীয়াবে তেওঁৰ কথা শুনি তেওঁলৈ ক্ৰুদ্ধ হৈ ক’লে, “তই ইয়ালৈ কিয় নামি আহিলি?” মৰুপ্ৰান্তৰ মাজত সেই মেৰ-ছাগকেইটা কাৰ ওচৰত থৈ আহিলি? তোৰ অহংকাৰ আৰু মনৰ দুষ্টতা মই জানো, তই কেৱল যুদ্ধ চাবলৈহে ইয়ালৈ নামি আহিলি।”

অধ্যায়টো চাওক কপি কৰক




1 চমূ 17:28
15 পৰস্পৰ সংযোগসমূহ  

তাতে তেওঁৰ ককায়েকসকলে তেওঁক হিংসা কৰিলে; কিন্তু বাপেকে হ’লে সেই কথা মনত ৰাখিলে।


ককায়েকসকলে যেতিয়া বুজিলে যে পিতৃয়ে তেওঁলোকতকৈ যোচেফক অধিক স্নেহ কৰে, তেতিয়া তেওঁলোকে যোচেফক ঘৃণা কৰিবলৈ ধৰিলে আৰু সেয়ে, তেওঁলোকে তেওঁক মৰমেৰে কথা কবলৈও নিবিচাৰিলে।


তাতে তেওঁৰ ককায়েকসকলে তেওঁক ক’লে, “তেনেহ’লে তই সচাঁকৈয়ে আমাৰ ওপৰত ৰজা হবি নেকি? আমাৰ ওপৰত সঁচাই তই অধিকাৰ চলাবি নেকি?” এইদৰে তেওঁৰ সপোন, আৰু তেওঁৰ কথাৰ কাৰণে ককায়েকসকলে আৰু অধিককৈ তেওঁক ঘিণ কৰিলে।


ৰহবিয়ামে দায়ূদৰ পুত্ৰ যিৰিমোতৰ জীয়েক মহলতক বিয়া কৰিলে। যিচয়ৰ পুত্ৰ ইলীয়াবৰ জীয়েক অবিহয়িল তাইৰ মাক আছিল।


অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।


দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে।


ক্ৰোধ নিষ্ঠুৰ, আৰু খং বানপানীৰ দৰে; কিন্তু ঈৰ্ষাৰ আগত কোনে থিয় হ’ব পাৰে?


তাৰ পাছত মই দেখিলোঁ, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আন জনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।


নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ’ব।


কিয়নো তেওঁলোকে যে অসুয়া কৰি যীচুক শোধাই দিছিল, সেই কথা তেওঁ জানিছিল।


তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল।


কিন্তু তেওঁলোকে যিহক নাজানে, তাক নিন্দা কৰে; জ্ঞানহীন পশুবোৰৰ দৰে তেওঁলোকে যিহক স্বাভাৱিকৰূপে জানে, তাতেই নষ্ট হয়।


তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েকসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।


কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”


দায়ূদে ক’লে, “মই এতিয়া কি কৰিলোঁ? কেৱল এটা প্ৰশ্নহে সুধিছোঁ, নহয় জানো?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন