অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহো 9:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এতেকে অধ্যক্ষসকলে তেওঁলোকৰ লোকসকলক ক’লে, “তেওঁলোক জীয়াই থাকক।” তেতিয়া তেওঁলোকক অধ্যক্ষসকলে কোৱা বাক্য অনুসাৰে গিবিয়োনসকলে ইস্ৰায়েলী লোকসকলৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’ল।

অধ্যায়টো চাওক



যিহো 9:21
9 পৰস্পৰ সংযোগসমূহ  

পলাই যাওঁতে, তাই যোৱা শব্দ সাপ যোৱা শব্দৰ দৰে হ’ব; কিয়নো শত্ৰুৱে সসৈন্যে যাত্ৰা কৰি, কাঠকটীয়াৰ দৰে কুঠাৰেৰে তাইক আক্ৰমণ কৰিব।


আপোনালোক সকলোৱে আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছে - আপোনালোকৰ প্রধানসকল, গোষ্ঠীবোৰ, পৰিচাৰকসকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্ৰায়েলীয়াসকল থিয় হৈছে।


আপোনালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু আপোনালোকৰ ছাউনিত বাস কৰা আপোনালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।


এইদৰে যিৰূচালেমৰ ৰজা আদোনীচেদকে যেতিয়া শুনিলে যে, যিহোচূৱাই যেনেকৈ যিৰীহো আৰু তাৰ ৰজালৈ কৰিছিল তেনেকৈ অয়ক আটক কৰি তাক নিঃশেষে বিনষ্ট কৰিলে, আৰু তেওঁ শুনিবলৈ পালে যে, গিবিয়োনীয়াসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে সন্ধি স্থাপন কৰি তেওঁলোকৰ মাজত থকা হ’ল৷


আৰু যিহোচূৱাই তেওঁলোকৰে সৈতে সন্ধি স্থাপন কৰি তেওঁলোকে যেন জীয়াই থাকে, এনে নিয়ম কৰিলে আৰু লোক সকলৰ অধ্যক্ষ সকলে তেওঁলোকৰ আগত শপত খালে।


সেইবাবে আমি তেওঁলোকৰ প্ৰতি এইদৰে কৰিম: আমাৰ প্ৰতি হ’বলগীয়া ক্ৰোধৰ পৰা আঁতৰি থাকিবলৈ আমি তেওঁলোকক জীয়াই ৰাখিম, কাৰণ আমি তেওঁলোকৰ আগত শপত খাইছিলো।”


এই কাৰণে তোমালোক অভিশপ্ত থ’লো; তোমালোকে মোৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰা বন্দী কামৰ পৰা কেতিয়াও মুক্তি নাপাবা।”


আৰু যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত সমাজৰ আৰু যিহোৱাৰ যজ্ঞবেদীৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’বলৈ যিহোচূৱাই সেইদিনা তেওঁলোকক নিযুক্ত কৰিলে আৰু আজিলৈকে তেওঁলোক সেইদৰেই আছে।