Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 9:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 আৰু যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত সমাজৰ আৰু যিহোৱাৰ যজ্ঞবেদীৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’বলৈ যিহোচূৱাই সেইদিনা তেওঁলোকক নিযুক্ত কৰিলে আৰু আজিলৈকে তেওঁলোক সেইদৰেই আছে।

অধ্যায়টো চাওক কপি কৰক




যিহো 9:27
9 পৰস্পৰ সংযোগসমূহ  

কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব।


এতেকে অধ্যক্ষসকলে তেওঁলোকৰ লোকসকলক ক’লে, “তেওঁলোক জীয়াই থাকক।” তেতিয়া তেওঁলোকক অধ্যক্ষসকলে কোৱা বাক্য অনুসাৰে গিবিয়োনসকলে ইস্ৰায়েলী লোকসকলৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’ল।


তাৰ পাছত যিহোচূৱাই গিবিয়নীয়সকলৰ বাবে তাকেই কৰিলে, তেওঁ ইস্ৰায়েলৰ সন্তানসকলৰ হাতৰ পৰা গিবিয়নীয়সকলক ৰক্ষা কৰিলে আৰু তেওঁলোকে সিহঁতক বধ নকৰিলে।


আৰু যুদ্ধলৈ যোৱা লোকসকলৰ পৰা মানুহ, গৰু, গাধ, আৰু মেৰ-ছাগ বা ছাগলীৰ পাঁচ শ পাঁচ শ প্ৰাণীৰ মাজৰ এটা এটা প্ৰাণী যিহোৱাৰ কাৰণে কৰস্ৱৰুপে লোৱা;


আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধা ভাগৰ পৰা মানুহ, গৰু, গাধ আৰু মেৰ-ছাগৰ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাশটা পঞ্চাশটাৰ মাজৰ পৰা এটা লৈ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিয়া।”


ইস্ৰায়েলৰ সন্তান সকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ পঞ্চাশটা পঞ্চাশটাৰ মাজৰ এটা এটা লৈ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিলে।


তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।


কিন্তু আপোনালোকৰ ফৈদৰ মাজত যিহোৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতেহে হোম-বলি উৎসৰ্গ কৰিব আৰু সেই ঠাইতেহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিব।


যিমান কাঠ আপোনাৰ প্ৰয়োজন হ’ব, সিমান কাঠ আমি লিবানোনত কাটি ল’ম৷ আৰু আমি ভূৰ বান্ধি সমুদ্ৰ-পথেদি গৈ যাফোত এইবোৰ আপোনাৰ ওচৰত থৈ আহিম, তাৰ পৰা আপুনি সেইবোৰ যিৰূচালেমলৈ লৈ যাব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন