Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 9:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 যিহোচূৱাই তেওঁলোকক মাতি আনি ক’লে, “তোমালোকে আমাৰ মাজতে থাকিও, ‘আমি তোমালোকৰ পৰা বহু দূৰত থাকো’, এইবুলি কৈ কিয় আমাক প্ৰবঞ্চনা কৰিলা?

অধ্যায়টো চাওক কপি কৰক




যিহো 9:22
9 পৰস্পৰ সংযোগসমূহ  

পাছত তেওঁলোকে গিলগলৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ গৈ, তেওঁক আৰু ইস্ৰায়েলৰ লোকসকলক ক’লে, “আমি দূৰ দেশৰ পৰা আহিছোঁ; এতেকে আপোনালোকে এতিয়া আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক।”


এইদৰে তেওঁলোকৰে সৈতে নিয়ম স্থাপন কৰাৰ তিনিদিনৰ পাছত, তেওঁলোক যে তেওঁলোকৰ ওচৰত থকা লোক হয় আৰু তেওঁলোকৰ মাজতে বাস কৰি আছে, সেই বিষয়ে তেওঁলোকে শুনিবলৈ পালে।


ৰাতিপুৱা হোৱাত যাকোবে আচৰিত হৈ দেখিলে যে, এওঁ দেখুন লেয়াহে! যাকোবে লাবনক ক’লে, “আপুনি মোলৈ এইটো কি কাম কৰিলে? ৰাহেলৰ কাৰণে মই জানো আপোনাৰ সেৱা কৰা নাছিলো? তেন্তে মোক কিয় ছলনা কৰিলে?”


কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷


কিন্তু যিৰীহো আৰু অয়লৈ যিহোচূৱাই কৰা কাৰ্যবোৰৰ কথা যেতিয়া গিবিয়োনীয়াসকলে শুনিলে,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন