আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধিকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধিকাৰৰ ভাগ পালোঁ।”
যিহো 13:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বাকী থকা মনছিৰ আধা জন-গোষ্ঠী, ৰূবেণীয়া আৰু গাদীয়াসকলে যৰ্দ্দনৰ পূব ফালে থকা, মোচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে, |
আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধিকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধিকাৰৰ ভাগ পালোঁ।”
সেই সময়ত আমি অৰ্ণোন নদীৰ উপত্যকাৰ পৰা হৰ্মোণ পাহাৰলৈকে যৰ্দ্দন নদীৰ সিপাৰৰ এলেকা ইমোৰীয়াসকলৰ দুজন ৰজাৰ হাতৰ পৰা অধিকাৰ কৰিছিলোঁ।
বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
উত্তৰাধিকাৰী হ’বলৈ তুমি অধিকাৰৰ অৰ্থে ন’টা গোষ্ঠীলৈ আৰু মনচিৰ আধা গোষ্ঠীলৈ এই দেশ ভাগ কৰি দিয়া।”
অৰ্ণোনৰ উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু দীবোনলৈকে মেদবাৰ গোটেই সমথল;
এতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ভাইসকলক প্ৰতিজ্ঞা কৰাৰ দৰে, তেওঁলোকক জিৰণী দিলে৷ গতিকে, এতিয়া তোমালোকে ঘূৰি, নিজ নিজ তম্বুলৈ গৈ, যিহোৱাৰ দাস মোচিয়ে যৰ্দ্দনৰ সিপাৰে তোমালোকক দিয়া আধিপত্যৰ দেশলৈ যোৱা।
ৰূবেণৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মোচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখেৰে পাৰ হৈ গ’ল৷
আৰু কিছুমান ইব্ৰীয়ালোক যৰ্দ্দন পাৰহৈ, গাদ আৰু গিলিয়দ দেশলৈ গ’ল; কিন্তু চৌল গিলগলতে থাকিল, আৰু তেওঁক অনুসৰণ কৰা লোক সকলে কঁপিবলৈ ধৰিলে।