Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহো 12:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।

অধ্যায়টো চাওক কপি কৰক




যিহো 12:6
11 পৰস্পৰ সংযোগসমূহ  

আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।


মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তান সকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা।


আমি সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে পাৰ হৈ কনান দেশত সোমাম, কিন্তু আমাৰ উত্তৰাধীকাৰ যৰ্দ্দনৰ ইপাৰত আমাৰ স্বত্ব থাকিব।”


পাছত মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক, আৰু যোচেফৰ পুত্ৰ মনচিৰ আধা ফৈদক ইমোৰীয়াসকলৰ ৰজা চীহোনৰ ৰাজ্য আৰু বাচানৰ ৰজা ওগৰ ৰাজ্য দিলে। আৰু নিজ নিজ অঞ্চলে সৈতে নগৰ থকা দেশবোৰ, এইদৰে চাৰিওফালে থকা দেশৰ আটাই নগৰবোৰ দিলে।


কিয়নো মোচিয়ে যৰ্দ্দনৰ সিপাৰেও দুই জন-গোষ্ঠীক আৰু আধা জন-গোষ্ঠীক অধিকাৰ কৰিবলৈ দিছিল, কিন্তু লেবীয়াসকলক তেওঁ একো ভাগ দিয়া নাছিল৷


তোমালোকৰ মাজত লেবীয়াসকলৰ কোনো ভাগ নাই কিয়নো যিহোৱাৰ পুৰোহিতৰ পদেই তেওঁলোকৰ উত্তৰাধিকাৰ৷ গাদ, ৰূবেণ আৰু মনচিৰ আধা ফৈদে যৰ্দ্দনৰ সিপাৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে।


এতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ভাইসকলক প্ৰতিজ্ঞা কৰাৰ দৰে, তেওঁলোকক জিৰণী দিলে৷ গতিকে, এতিয়া তোমালোকে ঘূৰি, নিজ নিজ তম্বুলৈ গৈ, যিহোৱাৰ দাস মোচিয়ে যৰ্দ্দনৰ সিপাৰে তোমালোকক দিয়া আধিপত্যৰ দেশলৈ যোৱা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন