Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 4:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 ৰূবেণৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মোচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখেৰে পাৰ হৈ গ’ল৷

অধ্যায়টো চাওক কপি কৰক




যিহো 4:12
9 পৰস্পৰ সংযোগসমূহ  

মোচিয়ে তোমালোকক দিয়া দেশত তোমালোকৰ ল’ৰা, তিৰোতা আৰু তোমালোকৰ পশুবোৰ যৰ্দ্দনৰ পূব পাৰে থাকিব৷ কিন্তু তোমালোকৰ আটাই পৰাক্ৰমী বীৰপুৰুষসকলে সাজু হৈ তেওঁলোকৰ আগে আগে গৈ,


সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।


গাদ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।


আৰু আমি ইস্ৰায়েলৰ সন্তান সকলক নিজ ঠাইলৈ নিনিয়া মানে আমি নিজে ৰণলৈ সাজো হৈ, তেওঁলোকৰ আগে আগে যাম; কেৱল আমাৰ পৰিয়ালবোৰ দেশ নিবাসীসকলৰ ভয়ত গঢ়েৰে আবৃত নগৰবোৰত বাস কৰিব।


সেই সময়ত মই আপোনালোকক এইবুলি কৈ আদেশ দিছিলোঁ, “আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই ঠাই আপোনালোকৰ অধিকাৰৰ অৰ্থে দিলে; কিন্তু আপোনালোকৰ যোদ্ধাসকলে সুসজ্জিত হৈ, আপোনালোকৰ অন্যান্য ইস্ৰায়েলীয়া ভাইসকলৰ আগে আগে নদী পাৰ হৈ যাব লাগিব।


তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে, কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে; তেওঁ লোক সকলৰ মুখ্যৰ লগত আহিল। তেওঁ যিহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে, আৰু ইস্ৰায়েলৰ সৈতে যিহোৱাৰ নিয়ম পালন কৰিলে।


এইদৰে সকলো লোক পাৰ হোৱাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক লৈ পুৰোহিতসকল লোক সকলৰ সাক্ষাতে পাৰ হৈ গ’ল।


যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় চল্লিশ হাজাৰ লোক যিহোৱাৰ সাক্ষাতে ওলাই গ’ল৷ তেওঁলোকে যিৰীহোৰ সমথললৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন