যিহি 32:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে। |
যি সময়ত চিনাৰ দেশৰ ৰজা অম্ৰাফল আছিল, তেতিয়া অৰিয়োক আছিল ইল্লাচৰৰ ৰজা, এলমৰ ৰজা আছিল কদৰ্লায়োমৰ আৰু গোয়ীমৰ ৰজা তিদিয়ল আছিল,
হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, “তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।”
পথ্ৰোচ, কুচ, এলম, চিনাৰ, হমাৎ, আৰু সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।
মই কৈছিলোঁ যে, “মই জীৱিত লোকৰ দেশত যিহোৱাক আৰু দেখিবলৈ নাপাম; পৃথিৱীৰ নিবাসী বা মনুষ্যক মই আৰু নাচাও।
কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ মেৰ-ছাগ পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোঁহক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।
বিশেষকৈ তুমি নিজৰ বায়েৰা-ভনীয়েৰাৰ বাবে বিচাৰ নিষ্পত্তি কৰাত তুমিও নিজ অপমান ভোগ কৰা; তুমি তেওঁলোকতকৈ যি অধিক ঘিণলগীয়া পাপ কৰিলা, তোমাৰ সেই পাপবোৰৰ দ্বাৰাই তেওঁলোক তোমাতকৈ অধিক ধাৰ্মিক হ’ল; এতেকে তুমি নিজৰ বায়েৰা-ভনীয়েৰাক ধাৰ্মিক পতাত নিজেও বিবৰ্ণ হোৱা আৰু নিজ অপমান ভোগ কৰা।
মই তেওঁলোকৰ বন্দী অৱস্থা অৰ্থাৎ চদোম আৰু তাইৰ জীসকলৰ আৰু তেওঁলোকৰ মাজত থকা তোমাৰ বন্দীবোৰৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম।
তেতিয়া তুমি বাসস্থান নহ’বৰ বাবে, মই তোমাক গাতলৈ নমাসকলৰ সৈতে আগৰ কালৰ লোকসকলৰ ওচৰলৈ নমাম আৰু পৃথিৱীৰ তল ভাগত, আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত, গাতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম।
জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”
এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!
“হে মনুষ্য সন্তান, তুমি মিচৰৰ দাসকলৰ বিষয়ে ক্রন্দন কৰা, আৰু তেওঁলোকক তললৈ পেলাই দিয়া - তাক আৰু বিখ্যাত জাতি সমূহৰ জীয়াৰীসকলে গাতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অৰ্দ্ধভাগলৈ পেলাই দিয়া!
পৰাক্ৰমী বীৰসকলে চিয়োলত তাইৰ আৰু তাইৰ সহায়কাৰীসকলক কথা ক’ব: তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎসকল তললৈ নামি গৈ পৰি আছে!’
হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে!
হত হোৱাসকলেৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে! তেওঁলোকে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো তেওঁলোকে লাজ পাইছে, আৰু তেওঁলোকে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎ অৱস্থাৰেই পৰি আছে, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
মই গৌৰৱৰ অৰ্থে তেওঁলোকৰ বাবে এটি পুলি উৎপন্ন কৰিম; তেওঁলোক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবোৰে দিয়া লাজ তেওঁলোকে আৰু ভোগ নকৰিব।
আৰু জাতিবোৰে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকসকলৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুটি নুখুৱাবা, ইয়াক প্ৰভু যিহোৱাই কৈছে।
আৰু তেওঁলোকে মোৰ ওচৰত পুৰোহিত কৰ্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু তেওঁলোকৰ লাজৰ আৰু তেওঁলোকে কৰা ঘিণলগীয়া কাৰ্যৰ ভাৰ বব।
মই সেই দৰ্শনত দেখিলোঁ যে, মই এলম প্ৰদেশৰ চুচন ৰাজকোঁঠত আছিলোঁ; আৰু সেই দৰ্শনত দেখিলোঁ যে মই উলয় নদীৰ পাৰত আছিলোঁ।
তুমি গৌৰৱৰ পৰিৱৰ্তে লাজেৰে পৰিপূৰ্ণ হ’বা; তুমিও পান কৰা, আৰু তোমাৰ নিজৰ বিৱস্ত্রতা প্রকাশ কৰা! যিহোৱাৰ সোঁ হাতত থকা পিয়লা তোমালৈ ঘূৰি আহিব, আৰু অপমানে তোমাৰ সন্মান ছানি ধৰিব।
তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন।