54 মই তেওঁলোকৰ বন্দী অৱস্থা অৰ্থাৎ চদোম আৰু তাইৰ জীসকলৰ আৰু তেওঁলোকৰ মাজত থকা তোমাৰ বন্দীবোৰৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম।
চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাববাদীসকলে লাজ পাইছে।
বিশেষকৈ তুমি নিজৰ বায়েৰা-ভনীয়েৰাৰ বাবে বিচাৰ নিষ্পত্তি কৰাত তুমিও নিজ অপমান ভোগ কৰা; তুমি তেওঁলোকতকৈ যি অধিক ঘিণলগীয়া পাপ কৰিলা, তোমাৰ সেই পাপবোৰৰ দ্বাৰাই তেওঁলোক তোমাতকৈ অধিক ধাৰ্মিক হ’ল; এতেকে তুমি নিজৰ বায়েৰা-ভনীয়েৰাক ধাৰ্মিক পতাত নিজেও বিবৰ্ণ হোৱা আৰু নিজ অপমান ভোগ কৰা।
আৰু তেওঁলোকলৈ শান্ত্বনাৰ স্থল হৈ তুমি কৰা আটাই কাৰ্যৰ কাৰণে তুমি তোমাৰ অপমান ভোগ কৰি অপমানিত হ’বৰ কাৰণে,
আৰু জীসকলে সৈতে চদোম আৰু জীসকলে সৈতে চমৰিয়া, তোমাৰ এই দুজনী বায়েৰা-ভনীয়েৰা আগৰ নিজ নিজ অৱস্থালৈ উলটিব; তুমি আৰু তোমাৰ জীসকলে, তোমালোকৰ আগৰ অৱস্থালৈ উলটিব।
তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।”
এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা।