13 আৰু তেওঁলোকে মোৰ ওচৰত পুৰোহিত কৰ্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু তেওঁলোকৰ লাজৰ আৰু তেওঁলোকে কৰা ঘিণলগীয়া কাৰ্যৰ ভাৰ বব।
ওখ ঠাইৰ মঠবোৰৰ পুৰোহিতসকলক যদিও যিৰূচালেমত যিহোৱাৰ যজ্ঞবেদীত সেৱা-কার্য কৰিবলৈ দিয়া হোৱা নাছিল, কিন্তু তেওঁলোকে আন পুৰোহিতসকলৰ দৰে খমীৰ নিদিয়া পিঠা খাব পাৰিছিল।
সেয়ে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্বপুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলোঁ।”
আৰু যেতিয়া তুমি নিজৰ বায়েৰা-ভনীয়েৰাক গ্ৰহণ কৰিবা, তেতিয়া তুমি নিজ আচাৰ-ব্যৱহাৰ মনত কৰি লাজ পাবা; আৰু মই তেওঁলোকক জীস্বৰূপে তোমাক দিম, কিন্তু তোমাৰ লগত কৰা নিয়মটিৰ দ্বাৰাই নহয়।
তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।”
তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকলৰ মাজত পতিত হ’ব! মিচৰক তৰোৱালত শোধাই দিয়া হৈছে; তাইৰ শত্রুসকলে তাইক আৰু তাইৰ দাসবোৰক টানি লৈ যাব!
এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব।
আৰু এতিয়া তেওঁলোকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব,
তেওঁলোকে তোমাৰ আৰু গোটেই তম্বুৰ কৰিব লগীয়া কাৰ্য কৰিব। কিন্তু তেওঁলোক আৰু তোমালোক নমৰিবৰ বাবে, তেওঁলোক পবিত্ৰ স্থানৰ বস্তুৰ আৰু যজ্ঞবেদীৰ ওচৰলৈ নাযাব।