গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
যিহি 31:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা! |
গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
“চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে।”
তুমি বিদেশীসকলৰ হাতত অচুন্নৎসকলৰ দৰে মৰিবা, কিয়নো মই এই কলোঁ!’ এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”
জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”
গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত শান্তনা পালে।
“হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা, ‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল! দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল; আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল।
মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ; যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!”
এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”
পৰাক্ৰমী বীৰসকলে চিয়োলত তাইৰ আৰু তাইৰ সহায়কাৰীসকলক কথা ক’ব: তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎসকল তললৈ নামি গৈ পৰি আছে!’
যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট-আত্মাই অৰ্থাৎ চয়তানে আহি, তেওঁৰ হৃদয়ত যিবোৰ সিঁচা হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”