Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 32:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”

অধ্যায়টো চাওক কপি কৰক




যিহি 32:10
11 পৰস্পৰ সংযোগসমূহ  

আৰু যিহেতু এতিয়া এই মন্দিৰ ইমান মহৎ, যিসকলে ইয়াৰ কাষেদি যাব, তেওঁলোকে আচৰিত মানিব আৰু ফোঁচফোঁচাব৷ তেতিয়া তেওঁলোকে সুধিব, ‘এই দেশ আৰু এই গৃহলৈ যিহোৱাই কিয় এইৰূপে কাৰ্য কৰিলে?’


যিহোৱাই প্রত্যেক নিৰূপিত দণ্ড তেওঁলোকৰ ওপৰত পেলাব, তেওঁ তেওঁলোকৰ সৈতে খঞ্জৰী আৰু বীণাৰে যুদ্ধ আৰু বিবাদ কৰিব,


আমি বাবিলক সুস্থ কৰিবলৈ যত্ন কৰিছিলোঁ, কিন্তু সি সুস্থ নহ’ল, তোমালোকে তাক ত্যাগ কৰা, আহাঁ আমি প্ৰতিজনে নিজ নিজ দেশলৈ যাওঁহঁক; কিয়নো তাৰ দোষে আকাশ স্পৰ্শ কৰিছে, আৰু গগন মণ্ডললৈকে উঠিছে।


সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজৰ নিজৰ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ, সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব।


দ্বীপ নিবাসী সকলোৱে তোমাক দেখি ভয় খালে, আৰু তেওঁলোকৰ ৰজাসকলৰ নোম শিয়ৰি উঠিল! তেওঁলোকৰ মুখমণ্ডল ভয়েৰে কপিলে!


সেইদিনা নিশ্চিন্তে থকা কুচীয়াসকলক ভয় লগাবলৈ দূতবোৰে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু সেইদিনা মিচৰত হোৱাৰ নিচিনাকৈ তেওঁলোকৰ মাজত যাতনা হ’ব। কিয়নো চোৱা! সেয়ে আহিছে!


হে দেৱদাৰু, বিলাপ কৰা, কিয়নো এৰচ বৃক্ষ পতিত হ’ল, কাৰণ যি উত্তম আছিল সেইবোৰ নষ্ট হ’ল! হে বাচানৰ অলোন গছবোৰ, বিলাপ কৰা কিয়নো দুৰ্গম কাঠনি ভাঙি পৰিছে।


তাকে দেখি আন জাতিবোৰে ক’ব এনেকি, আটাই জাতিয়ে সুধিব, ‘যিহোৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহা ক্ৰোধ জ্বলি উঠাৰ কাৰণ কি?’


যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰোঁ, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।


তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব, “হায় হায়, বাবিল মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ, পৰাক্ৰমী বাবিল নগৰ! কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন