Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 চমূ 17:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”

অধ্যায়টো চাওক কপি কৰক




1 চমূ 17:26
26 পৰস্পৰ সংযোগসমূহ  

আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”


আৰু তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ঠাট্টা কৰিবলৈ আৰু তেওঁৰ বিৰুদ্ধে কথা ক’বলৈ এইদৰে পত্ৰও লিখিছিল৷ তেওঁ কৈছিল যে, “নানা দেশীয় জাতি সমূহৰ দেৱতাবোৰে যেনেকৈ মোৰ হাতৰ পৰা নিজ নিজ প্ৰজাসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেনেকৈ হিষ্কিয়াৰ ঈশ্বৰেও তেওঁৰ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিব।”


মই পুনৰ ক’লোঁ, “আপোনালোকে যি কৰি আছে সেয়া ভাল নহয়। আমাৰ দেশৰ শত্রুবোৰে আমাক নিন্দা কৰাটো নিষেধ কৰিবলৈ আপোনালোকে আমাৰ ঈশ্বৰলৈ ভয় ৰাখি চলা উচিত নহয় নে?


ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।


হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে; মূর্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে।


হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক অপমান কৰিছে, তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।


তুমি কাক উপেক্ষা আৰু অপমান কৰিলা? আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰেৰে কথা কৈছা, আৰু অহঙ্কাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই কৰিলা।


কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।


যিহোৱাই কৈছে, চোৱা, এনে দিন আহিছে, যে, সেই দিনা মই চুন্নৎ হোৱাসকলক অচুন্নৎ বুলি দণ্ড দিম।


মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তান সকল, মোৱাব আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতি সমূহ অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়পালটন কৰা লোক নহয়।”


তুমি বিদেশীসকলৰ হাতত অচুন্নৎসকলৰ দৰে মৰিবা, কিয়নো মই এই কলোঁ!’ এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”


স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।


তেওঁ আমাক সুৰক্ষিত কৰে, আৰু উদ্ধাৰ কৰে; স্বৰ্গ আৰু পৃথিৱীত, তেওঁ আচৰিত কাৰ্য কৰে; তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে।”


হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰূচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰূচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।


যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক’লে: “চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা, মই পুনৰ জাতি সমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম।


মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?


কাৰণ লোক সকলে আমাক জনাইছে যে, আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কি ভাবে আপোনালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে৷


জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।


আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।


কিন্তু অম্মোনীয়া নাহচে তেওঁলোকক ক’লে, “মই এইদৰে তোমালোকৰ লগত চুক্তি কৰিম, তোমালোক সকলোৰে সোঁ চকু কঢ়া যাব আৰু তাৰ দ্বাৰাই মই গোটেই ইস্ৰায়েলক অপমান কৰিম।”


যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”


পলেষ্টীয়াজনে পুনৰ ক’লে, “আজি মই ইস্ৰায়েলৰ সৈন্যসকলক প্ৰত্যাহ্ৱান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে, যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ।”


তাৰ পাছত তেওঁ তেওঁৰ পৰা আন জনৰ মূখৰ ফালে ঘূৰি একে দৰেই সুধিলে; তাতে লোকসকলে তেওঁক আগেয়ে কোৱাৰ দৰেই উত্তৰ দিলে।


আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”


তেতিয়া চৌলে নিজৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই ল’ আৰু তাৰে মোক সৰকি যোৱাকৈ খোচ; নহলে অচুন্নৎ সকলে আহি সৰকি যোৱাকৈ মোক খুচিব, আৰু মোক অপমান কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে অতিশয় ভয় পোৱাৰ কাৰণে মান্তি নহ’ল; এই কাৰণে চৌলে নিজৰ তৰোৱাল উলিয়াই ল’লে আৰু তাৰে ওপৰত তেওঁ পৰিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন