বাহিনীসকলৰ প্রভু যিহোৱাই কৈছে, “মই মিচৰীয়াসকলক এজন নিষ্ঠুৰ মালিকৰ হাতত সমৰ্পণ কৰিম, আৰু এজন পৰাক্রমী ৰজাই তেওঁলোকক শাসন কৰিব।”
যিহি 29:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা! মই বাবিলৰ ৰজা নবূখদনেচৰক মিচৰ দেশ দিম; তেওঁ তাৰ ধন লৈ যাব আৰু তাৰ দ্ৰব্য লুট কৰিব আৰু তাৰ সকলো বস্তু কাঢ়ি লৈ যাব; সেইবোৰেই তেওঁৰ সৈন্য-সামন্তৰ বেচ হ’ব! |
বাহিনীসকলৰ প্রভু যিহোৱাই কৈছে, “মই মিচৰীয়াসকলক এজন নিষ্ঠুৰ মালিকৰ হাতত সমৰ্পণ কৰিম, আৰু এজন পৰাক্রমী ৰজাই তেওঁলোকক শাসন কৰিব।”
সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ’ব; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইয়াক ক’লো, আৰু নগৰ জাতিবোৰলৈ লুটদ্ৰব্যস্বৰূপ হ’ব।
তেতিয়া মিচৰৰ বিৰুদ্ধে তৰোৱাল আহিব, আৰু তেতিয়া কুচত যাতনা হ’ব, যেতিয়া মিচৰত হত লোকবোৰ পতিত হ’ব - তাৰ লোক সমূহক তাৰ পৰা নিয়া হ’ব আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ’ব।
“হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা, ‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
“যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
গড় নোহোৱা গাওঁ থকা দেশখনলৈ মই উঠি যাম, সুস্থিৰে থকা নিৰাপদে বাস কৰা, সমূলি গড়, ডাং কি কপাট নোহোৱাকৈ বাস কৰা লোকসকলৰ তালৈ যাম।