Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 32:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 “যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!

অধ্যায়টো চাওক কপি কৰক




যিহি 32:15
13 পৰস্পৰ সংযোগসমূহ  

পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।


ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।


তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।”


মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।


মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে মিচৰীয়া সকলে জানিব পাৰিব।”


ধ্বংস কৰা দেশবোৰৰ মাজত মই মিচৰ দেশকো এক ধ্বংসস্থান কৰিম; আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো চল্লিশ বছৰলৈকে ধ্বংসস্থান হৈ থাকিব; মই মিচৰীয়াসকলক জাতি সমূহৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।


এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।


মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!”


তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!


আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন