যিহি 29:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201918 “হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবূখদনেচৰে নিজৰ সৈন্য-সামন্তক তূৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে। সকলোৰে মূৰ টকলা কৰা হ’ল, আৰু সকলোৰে কান্ধৰ ছাল ছিগিল; তথাপি তূৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ কাৰণে, তূৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য-সামন্তই একো বেচ নাপালে। অধ্যায়টো চাওক |
চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।