যিহি 23:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল। |
বাবিলীয়া আৰু আটাই কলদীয়াসকল! পকোদ, চোৱা আৰু কোৱাক! আৰু তেওঁলোকৰ সৈতে আটাই অচূৰীয়াসকলক! সকলোৱেই প্রভাৱশালী মনোহৰ যুৱা! ৰাজ্যপাল আৰু বিষয়াসকল; তেওঁলোক সেনাপতি আৰু সন্মানিত লোক! তেওঁলোক আটাইবোৰ অশ্বাৰোহী।
তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।”