Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 23:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 বাবিলীয়া আৰু আটাই কলদীয়াসকল! পকোদ, চোৱা আৰু কোৱাক! আৰু তেওঁলোকৰ সৈতে আটাই অচূৰীয়াসকলক! সকলোৱেই প্রভাৱশালী মনোহৰ যুৱা! ৰাজ্যপাল আৰু বিষয়াসকল; তেওঁলোক সেনাপতি আৰু সন্মানিত লোক! তেওঁলোক আটাইবোৰ অশ্বাৰোহী।

অধ্যায়টো চাওক কপি কৰক




যিহি 23:23
16 পৰস্পৰ সংযোগসমূহ  

তুমি মৰাথয়িম দেশৰ বিৰুদ্ধে আৰু পকোদ নিবাসীবিলাকৰ অহিতে যাত্ৰা কৰা; যিহোৱাই কৈছে, তুমি সিহঁতৰ পাছে পাছে গৈ সিহঁতক বধ কৰি নিঃশেষে বিনষ্ট কৰা, আৰু মই তোমাক দিয়া সকলো আদেশ অনুসাৰে কাৰ্য কৰা।


যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া, অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোঁতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে।


অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল।


নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল!


কলদীয়াসকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে; সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে।


সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।


তেওঁলোকে সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব আনন্দেৰে পালন কৰিলে। কিয়নো যিহোৱাই তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিলে, আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কাৰ্যত তেওঁলোকৰ হাত সবল কৰিবৰ অৰ্থে ৰজা অচুৰৰ মন তেওঁলোকলৈ ঘূৰালে।


হবীলাৰ পৰা চূৰ পর্যন্ত যি ঠাই আছিল, তেওঁৰ বংশৰ লোকসকলে তাতে বাস কৰিছিল। এই ঠাইখিনি আছিল মিচৰ দেশৰ কাষত অচুৰলৈ যোৱাৰ পথত। এইদৰে তেওঁলোকে নিজৰ শত্রুসকলৰ ওচৰত বসতি কৰিবলৈ ঠাই পালে।


তৃতীয় নৈখনৰ নাম হিদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ।


তেতিয়া তেওঁ কলদিয়া সকলৰ দেশ এৰি হাৰোণ নগৰলৈ আহি বসতি কৰিলে। পাছত তেওঁৰ পিতৃৰ মৃত্যু হোৱাত আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে সেই ঠাইৰ পৰা তেওঁক আনিলে।


তেতিয়া তাই নিজ বেশ্যালি আৰু আধিককৈ বঢ়ালে! কিয়নো তাই দেৱালত অঁকা পুৰুষসকলক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কলদীয়াসকলৰ নক্সা দেখিলে,


এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম! যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম!


তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন