হোচ 2:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20197 তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।” অধ্যায়টো চাওক |
যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ: “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা; তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;
মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।
মানুহৰ ৰাজ্য যে সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, আপোনাক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ব, আৰু পথাৰৰ পশুবোৰৰ লগত আপুনি বাস কৰিব লাগিব, আপুনি গৰুৰ দৰে ঘাঁহ খাব লাগিব, আৰু আপুনি আকাশৰ পৰা অহা নিয়ৰত তিতিব লাগিব, এইদৰে আপোনাৰ ওপৰত সাত বছৰৰ অতিবাহিত হ’ব।
তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হৈছিল, তেওঁৰ হৃদয় জন্তুৰ সদৃশ হৈছিল, আৰু তেওঁ বনৰীয়া গাধৰ লগত বাস কৰিছিল, তেওঁ গৰুৰ দৰে ঘাঁহ খাইছিল, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিছিল; মানুহৰ ৰাজ্যত যে, সৰ্ব্বোপৰি ঈশ্বৰে শাসন কৰে, আৰু যিজনক তেওঁ ইচ্ছা কৰে, সেই জনকে তাৰ ওপৰত নিযুক্ত কৰে, এই বিষয়ে তেওঁ নজনালৈকে সেই অৱস্থাত আছিল।