যিচ 17:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব। |
তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক।
পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।
তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।
মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে।
তেওঁ নিশ্চয়কৈ তোমাক গুল গুলকৈ নুৰিয়াই বলৰ দৰে গোল কৰি বহল দেশত পেলাই দিব; তোমাৰ প্ৰভুৰ বংশক লাজ দিয়া জন যি তুমি, তুমি সেই ঠাইত মৰিবা, আৰু তোমাৰ তেজস্বী ৰথবোৰ তাত থাকিব।
সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।
কিন্তু তোমাৰ আক্রমণকাৰীৰ দলসমূহ মিহি ধুলিৰ দৰে হ’ব, আৰু ভয়ানক লোক সমূহ উৰি যোৱা তুঁহৰ দৰে হ’ব; এই সকলো অকস্মাতে, চকুৰ প্ৰচাৰতে ঘটিব।
তেওঁৰ প্ৰশ্বাস-বায়ু প্লাৱিত হোৱা বন্যাৰ দৰে সেয়া ডিঙিৰ মাজ ভাগলৈকে উঠে, লোকসকলক ধ্বংসৰ চালনিৰে চালি নির্বাচন কৰিব। তেওঁৰ প্রশ্বাস-বায়ু লোকসকলৰ মুখত ভ্ৰান্তিজনক লাগাম হ’ব।
তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ-জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে। সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব।
চোৱা, দেশবাসীসকল কলহৰ গাত লাগি থকা পানীৰ কণিকাৰ দৰে আৰু তুলাচনীত লাগি থকা ধুলিৰ কণিকাৰ দৰে গণিত হয়; চোৱা, তেওঁ অতি ক্ষুদ্র বস্তুৰ দৰে দ্বীপবোৰক তোলে।
চোৱা, তেওঁলোকে কেৱল ৰোৱে আৰু বয়, এনে কি, তেওঁলোকৰ মুঢ়ায়ো মাটিত কেৱল শিপা ধৰিছে, তেওঁ তেওঁলোকৰ ওপৰত ফু দিয়াৰ আগতে তেওঁলোক শুকাই যায়, আৰু তেওঁলোকক বা’মৰলী বতাহে মৰাৰ দৰে উৰুৱাই নিয়ে।
চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্রোধ কৰিছে, সেই সকলোৱে লাজ পাই বিবৰ্ণ হ’ব; যিসকলে তোমাক প্রতিবাদ কৰে, তেওঁলোক একো নোহোৱা যেন হ’ব, আৰু বিনষ্ট হ’ব;
এই কাৰণে প্ৰভুৱে নদীৰ প্ৰৱল আৰু প্ৰচুৰ জল সমূহ ৰজা অচূৰীয়া আৰু তেওঁৰ সকলো প্ৰতাপৰ ওপৰলৈ আনিব; সি সকলো সুঁতি পূৰ কৰিব, আৰু পাৰৰ ওপৰেদি বাগৰি যাব।
তেতিয়া সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেসময়তে ডোখৰ ডোখৰ হৈ ভাঙিলে, আৰু গ্রীষ্ম কালৰ মৰণা মৰা ঠাইৰ ধূলিৰ দৰে হ’ল। বতাহে সেইবোৰ উড়ুৱাই লৈ গ’ল, আৰু তাৰ কোনো চিন পোৱা নগল; কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হ’ল, আৰু গোটেই পৃথিৱী ভৰি পৰিল।
সেই বাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ’ব, সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা, খিড়িকিয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব।
কিয়নো দণ্ডাজ্ঞাৰ আদেশ জাৰি হোৱাৰ আগেয়ে, সেই দিন তুঁহৰ দৰে উৰি অহাৰ আগেয়ে; যিহোৱাৰ জ্বলন্ত ক্রোধ আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, যিহোৱাৰ ক্রোধৰ দিন আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, আপোনালোক একত্রিত হওঁক!