Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিচ 34:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ-জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে। সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব।

অধ্যায়টো চাওক কপি কৰক




যিচ 34:17
11 পৰস্পৰ সংযোগসমূহ  

তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে; সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে; আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে।


অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব।


চোৱা, সন্ধ্যাপৰত ত্ৰাস হ’ব; আৰু ৰাতিপুৱা নহওঁতেই তেওঁলোক গুচি যাব। এয়ে আমাক লুট কৰাসকলৰ অংশ, আৰু এয়ে আমাক অপহৰণ কৰাসকলৰ ভাগ।


সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব।


কিন্তু বনৰীয়া চৰাই আৰু পশু তাত বাস কৰিব, ফেঁচা আৰু ঢোঁৰা কাউৰীয়ে তাত বাহ সাজিব। তেওঁ তাৰ ওপৰত ধ্বংসৰ পৰিমাণ-জৰী আৰু ওলোম সূতা বিস্তাৰ কৰিব।


যিহোৱাই কৈছে, এয়ে তোমাৰ নিৰূপিত ভাগ, মই তোমাক জুখি দিয়া অংশ; কিয়নো তুমি মোক পাহৰিলা, আৰু মিছাত বিশ্বাস কৰিলা।


পাছত তেওঁ কনান দেশৰ সাত জাতিক উচ্ছেদ কৰি, তেওঁলোকৰ দেশখনক উত্তৰাধিকাৰ স্বৰূপে ইস্ৰায়েলী সকলক দিলে৷


এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।


কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।


তেতিয়া সেই লোকসকল উঠি তালৈ গ’ল; যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক যিহোচূৱাই এই আজ্ঞা দি ক’লে, “তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্ন ভূমি অঞ্চলৰ সকলো ফালে ফুৰি, দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা৷ মই এই চীলোত, যিহোৱাৰ সাক্ষাতে, তোমালোকৰ বাবে চিঠি খেলাম।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন