অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যাত্ৰা 8:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “তোমালোকে আমাৰ দেশতে তোমালোকৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰা।”

অধ্যায়টো চাওক



যাত্ৰা 8:25
9 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক বেগাই মাতি আনি কলে, “মই তোমালোকৰ ঈশ্বৰ যিহোৱা আৰু তোমালোকৰ বিৰুদ্ধে পাপ কৰিলোঁ।


তেতিয়া ফৰৌণে মোচিক মাতি আনি ক’লে, “তোমালোক যোৱা, যিহোৱাৰ আৰধনা কৰা গৈ। এনেকি তোমালোকৰ পৰিয়াল বৰ্গও লগত যাব পাৰিব, কিন্তু তোমালোকৰ মেৰ-ছাগ, ছাগলী, আৰু গৰুৰ জাকবোৰ ইয়াতেই থাকিব লাগিব।”


তেতিয়া মোচি আৰু হাৰোণক ফৰৌণৰ আগলৈ পুনৰ মাতি অনা হ’ল, ফৰৌণে তেওঁলোকক ক’লে, “যোৱা, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা; কিন্তু কোনবোৰ লোক যাব?”


ৰাতিয়েই ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “উঠা, তোমালোক আৰু ইস্ৰায়েলৰ সকলো লোক মোৰ প্ৰজাসকলৰ মাজৰ পৰা বাহিৰ হৈ যোৱা। তোমালোকে কোৱাৰ দৰেই যিহোৱাৰ আৰধনা কৰা।


তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোকসকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”


তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।


মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।”


এতিয়া সেই কাৰণে নিন্দা নকৰিবা, বা তোমালোকৰ বান্ধ শকত হ’ব; কিয়নো মই বাহিনীসকলৰ যিহোৱা প্ৰভুৰ পৰা গোটেই পৃথিৱীত উচ্ছন্নতাৰ আজ্ঞা শুনিলোঁ।


চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।