31 ৰাতিয়েই ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “উঠা, তোমালোক আৰু ইস্ৰায়েলৰ সকলো লোক মোৰ প্ৰজাসকলৰ মাজৰ পৰা বাহিৰ হৈ যোৱা। তোমালোকে কোৱাৰ দৰেই যিহোৱাৰ আৰধনা কৰা।
তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।
তেতিয়া মোচিয়ে ক’লে, “আপুনি নিজেই কৈছে; মই আপোনাৰ মুখ পুনৰ নাচাও।”
মোচিয়ে ক’লে, “আমি আমাৰ ডেকা, বুঢ়া, নিজৰ নিজৰ লৰা-ছোৱালী, আৰু মেৰ-ছাগ, ছাগলী, গৰুৰ জাকবোৰকো লগত লৈ যাম। কাৰণ যিহোৱাৰ উদ্দেশ্যে আমি উৎসৱ পালন কৰিব লাগিব।”
যিহোৱাই মোচিক ক’লে, “মই ফৰৌণ আৰু মিচৰ দেশৰ ওপৰত আন এক মহামাৰি আনিম। তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব। আৰু অৱশেষত তেওঁ যেতিয়া তোমালোকক যাবলৈ দিব, তেতিয়া তেওঁ তোমালোকৰ সকলোকে ইয়াৰ পৰা খেদি পঠিয়াব।
ফৌৰণ, আপোনাৰ সকলো দাস সকল মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক!’ তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল।
তাৰ পাছত, তেওঁলোকে মিচৰৰ পৰা অনা খমীৰ নিদিয়া আটাগুড়িৰে পিঠা যুগুত কৰিলে। সেইবোৰত খমীৰ দিয়া নাছিল, কাৰণ তেওঁলোকক মিচৰৰ পৰা খেদাই দিয়া হ’ল, সেয়ে খোৱা যুগুত কৰিবৰ কাৰণে তেওঁলোকে পলম কৰিব নোৱাৰিলে।
তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”
তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “তোমালোকে আমাৰ দেশতে তোমালোকৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰা।”
তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোকসকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”
মিচৰীয়া লোক আৰু ফৰৌণ ৰজাই যেনেকৈ তেওঁলোকৰ মন কঠিন কৰিছিল তেনেকৈ তোমালোকে কিয় মন কঠিন কৰিবা? তেওঁলোকৰ মাজত যেতিয়া তেওঁ অদ্ভুত কাৰ্য কৰিছিল, তেতিয়া জানো তেওঁলোকক এৰি দিয়া নাছিল? তাৰ পাছত তেওঁলোক গুছি গ’ল৷