Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 8:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোকসকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 8:8
24 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল।


তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।


তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক বেগাই মাতি আনি কলে, “মই তোমালোকৰ ঈশ্বৰ যিহোৱা আৰু তোমালোকৰ বিৰুদ্ধে পাপ কৰিলোঁ।


এতেকে বিনয় কৰোঁ, এইবাৰৰ বাবে মোৰ পাপ ক্ষমা কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্রাৰ্থনা কৰা, যাতে তেওঁ মোৰ পৰা এই মৃত্যুদায়ক কষ্ট আঁতৰায়।”


তেতিয়া মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল; আৰু যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।


ইস্রায়েলী লোকসকল পলাই গ’ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৰৌণ আৰু তেওঁৰ দাসবোৰৰ মন ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে হ’ল। তেওঁলোকে ক’লে, “আমাৰ বন্দীকামৰ পৰা ইস্ৰায়েলী লোকসকলক এৰি দি আমি কি কাম কৰিলোঁ?”


কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।


ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”


কিন্তু ফৰৌণে ভেকুলীৰ উপদ্রৱৰ পৰা সকাহ পোৱা দেখি, যিহোৱাই কোৱাৰ দৰে, ফৰৌণে পুনৰ নিজৰ মন কঠিন কৰি মোচি আৰু হাৰোণৰ কথা নুশুনিলে।


তেতিয়া মোচিয়ে ক’লে, “মই আপোনাৰ ওচৰৰ পৰা যোৱাৰ পাছতে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম; যাতে ফৰৌণ, আৰু আপোনাৰ দাসসকল, আৰু লোকসকলক কাইলৈ ডাঁহৰ জাকবোৰে যেন এৰি গুচি যায়। কেৱল যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে ইস্রায়েলী লোকসকলক যাবলৈ দিয়াত আপুনি যেন পুনৰ প্ৰবঞ্চনা নকৰে।”


তথাপিও ফৰৌণে সেইবাৰো মন কঠিন কৰিলে, আৰু তেওঁ লোকসকলক যাবলৈ এৰি নিদিলে।


তেতিয়া মোচিয়ে ফৰৌণক ক’লে, “ভেকুলীবোৰ আপোনাৰ দাস আৰু আপোনাৰ ঘৰবোৰৰ পৰা নাইকিয়া হৈ কেৱল যেন নদীতহে থাকে, সেইবাবে আপোনাৰ লোকসকলৰ অৰ্থে প্রাৰ্থনা কৰি ক’বৰ বাবে আপুনি নিৰূপিত সময়ৰ সুযোগ পাইছে।”


তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।


মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।”


মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি হ’বলৈ বন্ধ হ’ল।


লোকসকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে।


তেতিয়া চিমোনে উত্তৰ দিলে, “আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।”


তাৰ পাছত সকলো লোকে চমূৱেলক ক’লে, “আপোনাৰ ঈশ্ৱৰ যিহোৱাৰ আগত আপোনাৰ দাস সকলৰ কাৰণে প্ৰার্থনা কৰক; যাতে আমাৰ মৃত্যু নহয়। কাৰণ আমি আমাৰ বাবে এজন ৰজা বিচাৰি অধিক পাপ কৰিলোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন