অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যাত্ৰা 10:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাৰ পাছত যিহোৱাই মোচিক ক’লে, “কাকতী ফৰিংবোৰ মিচৰ দেশলৈ আহি, শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা তৃণ আদি সকলোকে খাবলৈ তুমি কাকতী ফৰিঙৰ বাবে মিচৰ দেশৰ ওপৰলৈ হাত মেলা।”

অধ্যায়টো চাওক



যাত্ৰা 10:12
6 পৰস্পৰ সংযোগসমূহ  

তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল।


সেই ফৰিংবোৰে সমগ্র দেশ ছানি ধৰিলে, তাতে দেশখন অন্ধকাৰময় হ’ল। সেই ফৰিংবোৰে দেশৰ সকলো গছ-গছনি আৰু শিলাবৃষ্টিৰ পৰা অবশিষ্ট থকা গছৰ সকলো ফলবোৰ খালে। তাতে সমগ্র মিচৰ দেশত এজোপাও সেউজীয়া গছ জীয়াই নাথাকিল, আৰু পথাৰত এজোপাও গছ-গছনি নাথাকিল।


তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।”


কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য।


সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ’ল।