Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 9:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 9:32
8 পৰস্পৰ সংযোগসমূহ  

দায়ূদে তেওঁলোকক গিবিয়োনীয়া সকলৰ হাতত শোধাই দিলে৷ তেতিয়া তেওঁলোকে পৰ্বতত যিহোৱাৰ সন্মুখত তেওঁলোকক আৰি হ’ল; আৰু তাতে সেই সাত জনৰ একে সময়তে মৃত্যু হ’ল। শস্য দাবৰ কালত অৰ্থাৎ যৱ ধান দাবলৈ আৰম্ভ কৰা কালতে তেওঁলোকক বধ কৰা হ’ল।


তাৰ পাছত যিহোৱাই মোচিক ক’লে, “কাকতী ফৰিংবোৰ মিচৰ দেশলৈ আহি, শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা তৃণ আদি সকলোকে খাবলৈ তুমি কাকতী ফৰিঙৰ বাবে মিচৰ দেশৰ ওপৰলৈ হাত মেলা।”


তেতিয়া মোচিয়ে আকাশৰ ফাললৈ হাত মেলিলে, আৰু সমগ্র মিচৰ দেশ তিনি দিনলৈকে ঘোৰ অন্ধকাৰময় হ’ল।


সেইবোৰে গোটেই দেশখন এনেকৈ ঢাকি ধৰিব যে, কোনো এজনে মাটিও দেখা নাপাব। শিলাবৃষ্টিৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট গছবোৰ সেইবোৰে খাই পেলাব। আনকি আপোনালোকৰ বাবে পথাৰত উৎপন্ন হোৱা সকলো গছো খাই পেলাব


সেই সময়ত শণ সূতাৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ সূতাৰ ফুলবোৰ ফুলিছিল।


মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি হ’বলৈ বন্ধ হ’ল।


মাটি সমান কৰা পাছত তেওঁ জানো কালজীৰা নবয়, আৰু ভূগ জীৰা নিসিঁচে? শাৰী শাৰী কৰি ঘেঁহু আৰু নিৰূপিত ঠাইত যৱ, আৰু তাৰ কিনাৰে কিনাৰে জনাৰ ধান জানো নবয়?


আৰু তুমি নিজৰ বাবে ঘেঁহু, যৱ, মাহ, মচুৰ বজৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন