Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 10:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 সেই ফৰিংবোৰে সমগ্র দেশ ছানি ধৰিলে, তাতে দেশখন অন্ধকাৰময় হ’ল। সেই ফৰিংবোৰে দেশৰ সকলো গছ-গছনি আৰু শিলাবৃষ্টিৰ পৰা অবশিষ্ট থকা গছৰ সকলো ফলবোৰ খালে। তাতে সমগ্র মিচৰ দেশত এজোপাও সেউজীয়া গছ জীয়াই নাথাকিল, আৰু পথাৰত এজোপাও গছ-গছনি নাথাকিল।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 10:15
11 পৰস্পৰ সংযোগসমূহ  

সেইবোৰে গোটেই দেশখন এনেকৈ ঢাকি ধৰিব যে, কোনো এজনে মাটিও দেখা নাপাব। শিলাবৃষ্টিৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট গছবোৰ সেইবোৰে খাই পেলাব। আনকি আপোনালোকৰ বাবে পথাৰত উৎপন্ন হোৱা সকলো গছো খাই পেলাব


“আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম।


তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।


তাৰ পাছত যিহোৱাই মোচিক ক’লে, “কাকতী ফৰিংবোৰ মিচৰ দেশলৈ আহি, শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা তৃণ আদি সকলোকে খাবলৈ তুমি কাকতী ফৰিঙৰ বাবে মিচৰ দেশৰ ওপৰলৈ হাত মেলা।”


সেই কাকতি ফৰিংবোৰে যেতিয়া দেশৰ সকলো সেউজীয়া শাক-পাচলি খাই শেষ কৰি পেলাইছিল, তেতিয়া মই মিনতি কৰিলোঁ, “হে প্ৰভু যিহোৱা, অনুগ্রহ কৰি ক্ষমা কৰক; যাকোব নো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু।”


তেওঁ বিয়োৰৰ পুত্ৰ বিলিয়মক মাতিবলৈ, তেওঁৰ স্ব-জাতীয় লোকসকলৰ দেশলৈ ফৰাৎ নদীৰ পাৰত থকা পথোৰ নগৰলৈ দূত পঠাই তেওঁক ক’লে, “চোৱা, মিচৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মূহূর্ত্তত আমাৰ সন্মূখতে আছে।


ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;


কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে; আৰু কাকতী ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে; আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী ফৰিঙে খালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন