যাকোব 5:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি। |
তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
সেই সময় উপস্থিত হৈ আহি আছে; সেই দিন ওচৰ চাপিছে, কিনোতাই আনন্দ নকৰক, বা বেচোঁতাই বেজাৰ নকৰক; যিহেতু মোৰ ক্ৰোধ সকলো লোকৰ ওপৰত উপস্থিত হ’ব!
কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম; মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম; মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
কাৰণ এই দৰ্শন যদিও ভবিষ্যত সময়ৰ বাবে তথাপিও শেষত এই দৰ্শন প্রকাশ পাব আৰু বিফল নহ’ব। যদিও পলম হয়, তাৰ বাবে অপেক্ষা কৰা; কাৰণ সেয়া নিশ্চয় সিদ্ধ হ’ব, আৰু পলম নহব।
তেতিয়া যীচুৱে ক’লে, “‘মই অহালৈকে তেওঁ যদি জীয়াই থাকে’, মই যদি এনেদৰে থকাটো ইচ্ছা কৰোঁ, তেনেহলে তাৰ পৰা তোমাৰ কি হ’ব? তুমি মোক অনুসৰণ কৰা।”
ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিব।
কিয়নো আমাৰ প্ৰভু যীচুৰ আগমণৰ দিনা তেওঁৰ সাক্ষাতে আপোনালোকেই জানো আমাৰ আশা, আনন্দ আৰু গৌৰৱৰ মুকুট নহ’ব?
ঈশ্বৰে আপোনালোকৰ হৃদয় দৃঢ় কৰিব। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত আপোনালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় হ’ব পাৰিব, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।
আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে।
হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
যি জনে এই কথাৰ সাক্ষ্য দিছে, তেৱেঁ কৈছে, “হয়! মই বেগাই আহি আছোঁ।” আমেন! হে প্ৰভু যীচু, আহক!