Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 থিচলনীকীয়া 3:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 ঈশ্বৰে আপোনালোকৰ হৃদয় দৃঢ় কৰিব। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত আপোনালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় হ’ব পাৰিব, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।

অধ্যায়টো চাওক কপি কৰক




1 থিচলনীকীয়া 3:13
28 পৰস্পৰ সংযোগসমূহ  

শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক।


তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত আপোনালোকক পবিত্ৰ, নিষ্কলঙ্ক আৰু নিৰ্দোষীৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন সাধন কৰিলে৷


তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।


কিয়নো আমাৰ প্ৰভু যীচুৰ আগমণৰ দিনা তেওঁৰ সাক্ষাতে আপোনালোকেই জানো আমাৰ আশা, আনন্দ আৰু গৌৰৱৰ মুকুট নহ’ব?


আদমৰ পৰা সপ্তম পুৰুষ যি হনোক, তেৱোঁ তেওঁলোকৰ উদ্দেশ্যে ভাবোক্তি প্ৰচাৰ কৰি কৈছিল, “চোৱা, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰ লোকৰ সৈতে,


এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ,


তেতিয়া তোমালোকে মোৰ পৰ্ব্বত দুখনৰ উপত্যকাইদি পলাবা; কিয়নো পৰ্ব্বত দুখনৰ সেই উপত্যকা আঁচললৈকে বিস্তৃত হ’ব। এনে কি, যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোক পলাইছিলা, তেনেকৈ পলাবা; তেতিয়া মোৰ ঈশ্বৰ যিহোৱা আহিব আৰু তোমালোকৰ সৈতে সকলো পবিত্ৰ লোক থাকিব।


প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।


পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুৱে আপোনালোকৰ ওচৰলৈ যোৱাৰ পথ সুগম কৰি দিয়ক।


মই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে যি যি শ্ৰেষ্ঠ, সেইবোৰ বিবেচনা কৰি, সেইদৰে নিৰ্ণয় কৰিব পাৰে আৰু এইদৰে খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে নিৰ্দোষী আৰু নিৰ্বিঘ্ন হওক৷


তেওঁ ক’লে, যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল, তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল; তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল তেওঁ অযুত অযুত পবিত্ৰসকলৰ মাজৰ পৰা আহিল। তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা।


হে ভাইসকল, এতিয়া আমি আপোনালোকক অনুৰোধ কৰোঁ যে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণ আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে আপোনালোকে জানি লওক,


সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে।


এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্রচাৰ কৰিলোঁ, সেই শুভবাৰ্তাৰ মাধ্যমত আপোনালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷


অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।


আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।


কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মোনোনীত, তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব।


“যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷


কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”


এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।


যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।


সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ,


তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।


আৰু আপোনালোক যি সকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমশালী দূত সকলৰ সৈতে জ্বলন্ত অগ্নিৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব;


তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন