12 সেই সময় উপস্থিত হৈ আহি আছে; সেই দিন ওচৰ চাপিছে, কিনোতাই আনন্দ নকৰক, বা বেচোঁতাই বেজাৰ নকৰক; যিহেতু মোৰ ক্ৰোধ সকলো লোকৰ ওপৰত উপস্থিত হ’ব!
আৰু চোৱা! সেই দিন আহি পালেহি। বিনাশ ওলাই আহিল। তোমালোকৰ দণ্ডডালিত অহঙ্কাৰৰ কলি ধৰিলে।
কিনা জনে কয়, “বেয়া! বেয়া! কিন্তু যেতিয়া তেওঁ আঁতৰি যায়, তেতিয়া তেওঁ অহংকাৰ কৰে।
যিহোৱাৰ সেই মহৎ দিন নিকটৱর্তী; ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে! সৌৱা শুনা, সেয়া যিহোৱাৰ সেই দিনৰ শব্দ! তেতিয়া যোদ্ধাসকলে চিঞঁৰি চিঞঁৰি কান্দোনত ভাঙি পৰিব।
প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।
এই হেতুকে তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই এই প্ৰচলিত কথা লুপ্ত কৰিম আৰু এইটো ইস্ৰায়েলৰ মাজত আৰু নচলিব’।” কিন্তু তেওঁলোকক কোৱা, “দিন আৰু প্ৰত্যেক দৰ্শনৰ সফলতা ওচৰ!”
কিয়নো সেই দিন ওচৰ! এনে কি, যিহোৱাৰ দিন, মেঘে ঢকা দিন হ’ব, সেয়ে জাতিবোৰৰ বাবে কাল হ’ব।
হায় হায়, এয়ে কেনে দিন! কিয়নো যিহোৱাৰ ভয়ংকৰ দিন ওচৰ। এই সকলোৰে সৈতে সৰ্ব্বশক্তিমান ঈশ্বৰৰ পৰা যেন প্ৰলয়হে উপস্থিত হ’ল।