অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




পাঁচনি 10:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তুমি উঠা আৰু নামি যোৱা৷ তেওঁলোকে সৈতে সংশয় নকৰি যোৱা; কিয়নো মইহে তেওঁলোকক পঠালোঁ৷”

অধ্যায়টো চাওক



পাঁচনি 10:20
11 পৰস্পৰ সংযোগসমূহ  

তোমালোকে মোৰ ওচৰলৈ আহি এই কথা শুনা; মই আদিৰে পৰা গুপুতে কথা কোৱা নাই; এই ঘটনা যেতিয়া ঘটে, মই তাতে আছোঁ, এতিয়া প্ৰভু যিহোৱাই নিজ আত্মা দি মোক পঠালে।


আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।


তেতিয়া পিতৰে নামি গৈ সেই মানুহকেইজনক কলে, “তোমালোকে যি জনক বিচাৰিছা, সেই জন ময়েই৷ তোমালোকে কি কাৰণত আহিলা?”


তাতে একো সংশয় নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ আত্মাই মোক আজ্ঞা দিলে৷ পাছত এই ভাই ছয় জন মোৰ লগত গ’ল আৰু আমি সেই মানুহৰ ঘৰত গৈ সোমালো৷


এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ’ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ’ল৷


পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷


কিন্তু প্ৰভুৱে তেওঁক কলে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।


তেতিয়াই অননিয় গ’ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, “হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যি জন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।”


কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।