19 তেতিয়া পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোতেই, আত্মাই তেওঁক কলে, “চোৱা, তিনি জন মানুহে তোমাক বিচাৰিছে৷
কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
আৰু মাত লগাই সুধিলে, “বোলে সেই চিমোন ইয়াত থাকে নে যি জনৰ প্ৰখ্যাত নাম পিতৰ?”
এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত “হে কৰ্ণীলিয়!” বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷
তাতে একো সংশয় নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ আত্মাই মোক আজ্ঞা দিলে৷ পাছত এই ভাই ছয় জন মোৰ লগত গ’ল আৰু আমি সেই মানুহৰ ঘৰত গৈ সোমালো৷
যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”
বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷
সেই ঠাইৰ শিষ্য সকলক বিচাৰি পোৱাত, আমি তাতে সাত দিন থাকিলো; তেওঁলোকে পবিত্র আত্মাৰ দ্বাৰাই পৌলক যিৰূচালেমলৈ যাবৰ বাবে মানা কৰিলে।
এনে সময়তে আত্মাই ফিলিপক কলে, “তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা।”
কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেয়াই তেওঁক ভাগ-বাঁটি দি, সেই সকলোকে সাধন কৰিছে।
পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,