15 আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।
পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।
বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।
ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।
পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্ৰাণৰ উপায় হ’বা
যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।
এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হ’ব লাগিব।
তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম”।
পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷
কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”
কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷”
সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদী সকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হ’ল আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনা-ইহুদী লোকৰ আগত জনোৱা হ’ল৷
এই বাবেই খ্রীষ্টই আহি আপোনালোক যি সকল দূৰৈত আছিল, তেওঁলোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে।
আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷
আৰু যিদিনা আপোনালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলে আৰু জানিলে, সেই দিনাৰ পৰাই সেই শুভবাৰ্তা আপোনালোকৰ মাজত যেনেকৈ, গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে৷
আমি দেখিছোঁ আৰু সাক্ষ্য দিছোঁ যে, পিতৃয়ে জগতৰ ত্ৰাণকৰ্তা হ’বলৈ তেওঁৰ পুত্ৰক পঠাই দিলে৷
পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷