অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




নহি 12:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মত্তনীয়া, বকবুকিয়া, ওবদিয়া, মচুল্লম, টল্মোন, আৰু অক্কুব দুৱৰী হৈ গুদামবোৰৰ দুৱাৰত থিয় হৈ পহৰা দিছিল।

অধ্যায়টো চাওক



নহি 12:25
10 পৰস্পৰ সংযোগসমূহ  

তাতে তেওঁলোকে গৈ প্রৱেশদ্বাৰৰ প্রহৰীসকলক মাতি ক’লে, “আমি অৰামীয়াসকলৰ ছাউনিলৈ গৈছিলোঁ; তাত কোনো মানুহ নাই আৰু কাৰো সাৰ-শব্দও নাই; কেৱল ঘোঁৰা আৰু গাধবোৰ বন্ধা আছে, আৰু তম্বুবোৰো যেনে আছিল তেনেভাৱেই আছে।”


তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।


দুৱৰী সকলৰ বিভাগবোৰে তেওঁলোকৰ নেতা সকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সম্পৰ্কীয় সকলৰ দৰে, যিহোৱাৰ গৃহত পৰিচৰ্যা কৰি, তেওঁলোকৰ কৰিবলগীয়া কাৰ্য কৰে।


দক্ষিণ দিশৰ দুৱাৰৰ বাবে ওবেদ-ইদোমক নির্ধাৰণ কৰে; আৰু তেওঁৰ পুত্র সকলক ভঁৰালৰ বাবে নির্ধাৰন কৰে।


পূবফালে ছয় জন লেবীয়া লোক, উত্তৰফালে প্রতিদিনে চাৰি জন, দক্ষিণ ফালেও প্রতিদিনে চাৰি জন, আৰু ভঁৰালত দুজন দুজন।


তেওঁ পিতৃ ৰজা দায়ূদৰ নিৰ্দেশ অনুসৰণ কৰিলে, চলোমনে মন্দিৰৰ সেৱা কাৰ্য আৰু প্ৰতিদিনৰ বিধি অনুসাৰে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ পুৰোহিত আৰু লেবীয়াসকল তেওঁলোকৰ নিজ নিজ পদত নিযুক্ত কৰিলে। ইয়াৰ উপৰিও তেওঁ দুৱাৰবোৰত বিভাগ অনুসৰি দুৱৰীবোৰ নিযুক্ত কৰিলে আৰু তেওঁলোকক নিৰ্দেশবোৰো দিলে।


সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, “হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকো।”