26 যোচাদকৰ পুত্র যেচুৱা, যেচুৱাৰ পুত্ৰ যোয়াকীমৰ দিনত, আৰু দেশাধ্যক্ষ নহিমিয়াৰ দিনত পুৰোহিত আৰু অধ্যাপক ইজ্ৰা, তেওঁলোক সকলোৱে সেৱা-কাৰ্য কৰিছিল।
দেশাধ্যক্ষ নহিমিয়া, অধ্যাপক আৰু পুৰোহিত ইজ্ৰা, আৰু লেবীয়াসকল যি সকলে অৰ্থ বুজাই দিছিল, তেওঁলোকে লোকসকলক ক’লে, “আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে শোক নকৰিব আৰু নাকান্দিব।” কাৰণ ব্যৱস্থা পুস্তকৰ বাক্য শুনি সকলো লোকে কান্দি আছিল।
ৰজা অৰ্তক্ষত্ৰ ইস্ৰায়েলৰ আজ্ঞাবোৰৰ আৰু বিধানৰ অধ্যাপক পুৰোহিত ইজ্ৰাক দিয়া আজ্ঞা এইখন:
ইজ্ৰা বাবিল ত্যাগ কৰিলে। ঈশ্বৰ যিহোৱাই ইস্রায়েলক দিয়া মোচিৰ বিধান-পুস্তকৰ তেওঁ এজন পাৰ্গত অধ্যাপক আছিল। তেওঁ যি বস্তুৱেই খুজিছিল ৰজাই তেওঁক দিছিল, কাৰণ ঈশ্বৰ যিহোৱা তেওঁৰ লগত আছিল।
আৰু ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰৰ সীমালৈকে সকলো ৰজাসকলৰ ওপৰত তেওঁ শাসন কৰিছিল।
জল-দুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইস্ৰায়েলৰ বাবে যিহোৱাই আদেশ কৰা মোচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজ্ৰা অধ্যাপকক ক’লে।