Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 বংশা 23:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




1 বংশা 23:32
9 পৰস্পৰ সংযোগসমূহ  

কিন্তু ইস্ৰায়েলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ’বলৈ, নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবীয়াসকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবীয়াসকলৰ জিম্মাত থাকিব।”


মোচি, হাৰোণ আৰু তেওঁৰ পুত্রসকলে পূৱফালে আবাসৰ আগত, সূৰ্য উদয় হোৱা ফালে, সাক্ষাৎ কৰা তম্বুৰ আগত তম্বু তৰি থাকিব। ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ স্থানৰ বিষয়ে যি কৰিব লগীয়া, তাৰ কাৰ্য তেওঁলোকৰ জিম্মাত থাকিব। বিদেশী যি কোনো লোক তাৰ ওচৰ চাপিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।


তেওঁলোকে ঈশ্বৰৰ গৃহৰ চাৰিওফালে ৰাতি অতিবাহিত কৰিছিল, কাৰণ গৃহ ৰখিবলৈ তেওঁলোকৰ ওপৰত দ্বায়ীত্ব আছিল। তেওঁলোকে প্রতি ৰাতিপুৱা দুৱাৰ মেলিব পাৰিছিল।


তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তুবোৰ আনিলে৷ এই সকলো বস্তু পুৰোহিত আৰু লেবীয়াসকলে আনিলে।


তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”


ইস্ৰায়েলৰ সন্তান সকললৈ মোৰ যেন আৰু ক্ৰোধ নহয়, এই কাৰণে তোমালোকে পবিত্ৰ স্থানৰ আৰু যজ্ঞবেদীৰ কৰিব লগীয়া কাৰ্য কৰিবা।


তেতিয়া আন সকলো লেবীয়া ভাইসকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব।


গৃহটিৰ সকলো সেৱকীয়া কাৰ্যত আৰু তাত কৰিব লগা আটাই কৰ্মত মই তেওঁলোকক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন