চিদ্দিম উপত্যকাত আলকতৰাৰে পূর্ণ বহুতো গাত আছিল; যেতিয়া চদোম আৰু ঘমোৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাতত পৰিল; আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ’ল।
নহি 1:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া হনানী নামৰ মোৰ এজন ভাই যিহূদাৰ পৰা কিছুমান লোকৰ সৈতে আহিছিল। মই তেওঁলোকক বন্দীত্বৰ পৰা ৰক্ষা পোৱা ইহুদী লোকসকলৰ উপৰিও যিসকল ইহুদী লোক তাত আছিল, সেই সকলৰ বিষয়ে আৰু যিৰূচালেম চহৰৰ বিষয়ে সুধিছিলো। |
চিদ্দিম উপত্যকাত আলকতৰাৰে পূর্ণ বহুতো গাত আছিল; যেতিয়া চদোম আৰু ঘমোৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাতত পৰিল; আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ’ল।
তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল।
কিন্তু দ্ৰাক্ষাবাৰী চোৱা-চিতা আৰু পথাৰবোৰত খেতি কৰিবলৈ কেইজনমান দুখীয়া মানুহক তেওঁ দেশত এৰি থৈ গ’ল।
আমি পুনৰ আপোনাৰ আজ্ঞা-লঙ্ঘন কৰিম, আৰু ঘিণলগা কাম কৰা লোকসকলৰ সৈতে বিবাহ কৰিম নে? আমাৰ মাজত অৱশিষ্ট আৰু পলাবলৈ কোনো এজনো নথকাকৈ আপুনি আমাক ক্রোধ আৰু সম্পূৰ্ণ ধংস নকৰিব নে?
মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
তেতিয়া এই মিচৰ দেশত প্ৰবাস কৰিবলৈ অহা যিহূদাৰ অৱশিষ্ট ভাগে যি যিহূদাত বাস কৰিবৰ কাৰণে উলটি যাবলৈ ইচ্ছা কৰিছে, সেই যিহূদালৈ উলটি যাবৰ বাবে, তেওঁলোকৰ কোনেও ৰক্ষা নাপাব বা অৱশিষ্ট নাথাকিব; কিয়নো পলৰীয়াসকলৰ বাহিৰে কোনেও উলটি নাযাব।”
আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।
কিন্তু তেওঁলোকৰ মাজৰ পৰা কিছুমান জীৱিত লোক সাৰি যাব আৰু তেওঁলোকে গৈ পৰ্ব্বতত থাকিব। তেওঁলোকৰ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে উপত্যকাত থকা কপৌৰ দৰে শোক কৰিব।