Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 14:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 চিদ্দিম উপত্যকাত আলকতৰাৰে পূর্ণ বহুতো গাত আছিল; যেতিয়া চদোম আৰু ঘমোৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাতত পৰিল; আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ’ল।

অধ্যায়টো চাওক কপি কৰক




আদি 14:10
12 পৰস্পৰ সংযোগসমূহ  

সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”


পাছত লোটৰ চোৱৰত থাকিবলৈ সাহস নহ’ল আৰু সেয়ে তেওঁ জীয়েক দুজনীক লগত লৈ চোৱৰৰ পৰা ওলাই পাহাৰত বাস কৰিবলৈ উঠি গ’ল; তাত তেওঁ জীয়েক দুজনীৰে সৈতে এটা গুহাত বাস কৰিলে।


“যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাতত পৰিব আৰু যি কোনোৱে সেই গাতৰ পৰা উঠিব, তেওঁ সেই ফান্দত ধৰা পৰিব; কিয়নো যিহোৱাই কৈছে, মই তেওঁৰ ওপৰত, মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম।”


সেই আপদৰ বাৰ্ত্তা পাই পলোৱা জন সেই গাতত পৰিব, আৰু সেই গাতৰ ভিতৰৰ পৰা ওলোৱা জন সেই ফান্দত ধৰা পৰিব, কিয়নো স্বৰ্গৰ দুৱাৰবোৰ মুকলি হ’ব, আৰু পৃথিৱীৰ মূলবোৰ লৰিব।


তেওঁলোকে এজনে আন জনক ক’লে, “ব’লা, আমি ইটা সাজি ভালকৈ জুইত পোৰোঁহঁক।” এইবুলি কৈ তেওঁলোকে শিলৰ সলনি ইটা আৰু গাঁথনিৰ কাৰণে এঠামাটিৰ সলনি আলকতৰাৰ প্ৰলেপ ল’লে।


চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিল।


যেতিয়া ইস্ৰায়েলী লোকসকলে নগৰৰ বাহিৰৰ মৰুভূমিত তেওঁলোকৰ পাছে পাছে খেদি অহা সকলো অয়-নিবাসীকে বধ কৰি উঠিল, তেতিয়া অয়-নিবাসী সেই লোকসকল নিঃশেষে পতিত হ’ল আৰু তাৰ পাছত তেওঁলোক অয় লৈ উভতি আহি তাত থকা লোকসকলকো তৰোৱালেৰে বধ কৰিলে৷


পাছৰ এই পাঁচজন ৰজা চিদ্দিম উপত্যকাত একত্রিত হ’ল। এই ঠাইখিনিক লোণসমুদ্ৰ বোলা হ’য়।


তেওঁলোকে এলমৰ ৰজা কদৰ্লায়োমৰ, গোয়ীমৰ ৰজা তিদিয়ল, চিনাৰ দেশৰ ৰজা অম্ৰাফল, ইল্লাচৰৰ ৰজা অৰিয়োকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। এই যুদ্ধ পাঁচ জন ৰজাৰ বিৰুদ্ধে চাৰিজন ৰজাৰ মাজত হৈছিল।


শত্রুপক্ষই চদোম আৰু ঘমোৰাৰ সকলো ধন-সম্পত্তি আৰু বয়-বস্তু লুট কৰি লৈ গুচি গ’ল।


কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলক অব্রামে যেতিয়া হৰুৱাই উভতি আহিছিল, তেতিয়া চদোমৰ ৰজাই তেওঁৰ লগত সাক্ষাত হবলৈ চাবি উপত্যকালৈ অৰ্থাৎ ৰজাৰ উপত্যকালৈ ওলাই গ’ল।


পাছত চদোমৰ ৰজাই অব্ৰামক ক’লে, “আপুনি ধন-সম্পদবোৰ ৰাখি লোকসকলক মোক দিয়ক।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন