Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 44:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তেতিয়া এই মিচৰ দেশত প্ৰবাস কৰিবলৈ অহা যিহূদাৰ অৱশিষ্ট ভাগে যি যিহূদাত বাস কৰিবৰ কাৰণে উলটি যাবলৈ ইচ্ছা কৰিছে, সেই যিহূদালৈ উলটি যাবৰ বাবে, তেওঁলোকৰ কোনেও ৰক্ষা নাপাব বা অৱশিষ্ট নাথাকিব; কিয়নো পলৰীয়াসকলৰ বাহিৰে কোনেও উলটি নাযাব।”

অধ্যায়টো চাওক কপি কৰক




যিৰি 44:14
16 পৰস্পৰ সংযোগসমূহ  

কিন্তু ইস্ৰায়েলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে, “ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব৷


যিসকল লোকে প্ৰবাস কৰিবৰ অৰ্থে মিচৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ’ব; তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব; আৰু মই তেওঁলোকলৈ যি অমঙ্গল ঘটাম, তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব।


সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।


সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব।


তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে, তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে।


কিন্তু বিবেচনা কৰকচোন, আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে?


হে সৰ্পগণ, কালসৰ্পৰ বংশ, আপোনালোকে নো কেনেকৈ নৰকৰ সোধ-বিচাৰৰ পৰা সাৰিব?


এতেকে এতিয়া নিশ্চয়ে জানিবা, যে, তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা, সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।”


তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”


তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ’ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম।


এই হেতুকে হে মিচৰৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা: যিহোৱাই কৈছে, ‘চোৱা, মই মোৰ মহান নাম লৈ শপত খাইছোঁ, যে, যিহোৱাৰ জীৱনৰ শপত বুলি কৈ এই গোটেই মিচৰ দেশত কোনো যিহূদী লোকে মোৰ নাম আৰু মুখত নানিবা।”


আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন