আমি পুনৰ আপোনাৰ আজ্ঞা-লঙ্ঘন কৰিম, আৰু ঘিণলগা কাম কৰা লোকসকলৰ সৈতে বিবাহ কৰিম নে? আমাৰ মাজত অৱশিষ্ট আৰু পলাবলৈ কোনো এজনো নথকাকৈ আপুনি আমাক ক্রোধ আৰু সম্পূৰ্ণ ধংস নকৰিব নে?
দ্বি.বি. 9:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হোৰেবতো আপোনালোকে যিহোৱাৰ ক্ৰোধ জন্মাইছিল; তাতে যিহোৱাই আপোনালোকৰ ওপৰত ক্ৰোধিত হৈ আপোনালোকক ধ্বংস কৰিব খুজিছিল। |
আমি পুনৰ আপোনাৰ আজ্ঞা-লঙ্ঘন কৰিম, আৰু ঘিণলগা কাম কৰা লোকসকলৰ সৈতে বিবাহ কৰিম নে? আমাৰ মাজত অৱশিষ্ট আৰু পলাবলৈ কোনো এজনো নথকাকৈ আপুনি আমাক ক্রোধ আৰু সম্পূৰ্ণ ধংস নকৰিব নে?
সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনীও ঈশ্বৰে নিজে লিখা আছিল।
কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
তেওঁ ক’লে, হোৰেব পাহাৰত, “আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা।
যিহোৱাৰ প্রচণ্ড ক্রোধত মই ভয় খাইছিলো; কিয়নো, আপোনালোকক বিনষ্ট কৰিবলৈ তেওঁ আপোনালোকৰ বিৰুদ্ধে ক্রোধিত হৈ পৰিছিল। কিন্তু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল।