Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 9:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 যিহোৱাৰ প্রচণ্ড ক্রোধত মই ভয় খাইছিলো; কিয়নো, আপোনালোকক বিনষ্ট কৰিবলৈ তেওঁ আপোনালোকৰ বিৰুদ্ধে ক্রোধিত হৈ পৰিছিল। কিন্তু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 9:19
19 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে হোৰেব পাহাৰত এটা দামুৰি সাজিলে, আৰু সাঁচত ঢলা মূর্তিৰ পূজা কৰিলে।


সেয়ে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভগা গড়ত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ’ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰ বাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।


এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।


তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।


তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।


যিহোৱাই মোচিক ক’লে, “এই যি কথা তুমি ক’লা, তাকো মই কৰিম। কিয়নো তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পাইছা, আৰু মই তোমাক তোমাৰ নামে সৈতে জানো।”


যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।


এই কাৰণে লোকসকলে মোচিৰ গুৰিত কাতৰোক্তি কৰিলে; তাতে মোচিয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰাত সেই অগ্নি নুমাল।


পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। আপোনালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল।


তেনে কৰিলে আপোনালোকৰ ওপৰত যিহোৱাৰ ক্রোধ প্রজ্বলিত হৈ উঠিব আৰু তেওঁ আকাশৰ দুৱাৰ বন্ধ কৰি দিব, যাৰ ফলত বৰষুণ নহ’ব আৰু ভুমিয়ে নিজ ফল উৎপন্ন নকৰিব। যি উত্তম দেশ যিহোৱাই আপোনালোকক দিব, তাৰ পৰা আপোনালোক অতি শীঘ্রেই নিশ্চিহ্ন হৈ যাব।


ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰোণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।


হোৰেবতো আপোনালোকে যিহোৱাৰ ক্ৰোধ জন্মাইছিল; তাতে যিহোৱাই আপোনালোকৰ ওপৰত ক্ৰোধিত হৈ আপোনালোকক ধ্বংস কৰিব খুজিছিল।


আৰু সেই দৰ্শন এনে ভয়ঙ্কৰ যে, মোচিয়ে কৈছিল, মই বৰ ভয় পাই কঁপি আছোঁ;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন