Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 32:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনীও ঈশ্বৰে নিজে লিখা আছিল।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 32:16
12 পৰস্পৰ সংযোগসমূহ  

অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে সেইবোৰ চিৰকালৰ বাবে শিলত লিখা!


যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।


তাৰ পাছত মোচিয়ে ঘূৰি, সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্ব্বতৰ পৰা নামি আহিল। সেই ফলিৰ আগফালৰ আৰু পিছফালৰ দুয়ো পিঠিতে লিখা আছিল।


যিহোচূৱাই যেতিয়া লোকসকলৰ চিঞঁৰ শুনিলে, তেতিয়া তেওঁ মোচিক ক’লে, “ছাউনিত যুদ্ধৰ শব্দ হৈছে।”


যিহোৱাই মোচিক ক’লে, “তুমি প্রথম ফলিৰ দৰে দুখন শিলৰ ফলি কাটা। তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল, সেই সকলো কথা, মই পুনৰ এই দুখন ফলিত লিখিম।


সেয়ে মোচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি, যিহোৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চীনয় পৰ্ব্বতলৈ গ’ল। যিহোৱাই নিৰ্দেশ দিয়া অনুসাৰে শিলৰ সেই ফলি দুখনো লগত লৈ গ’ল।


আপোনালোক আমাৰ দ্বাৰাই খ্ৰীষ্টৰ পৰা সম্পাদিত হোৱা পত্ৰ স্বৰূপে প্ৰকাশিত হ’ল, সেয়ে চিয়াঁহীৰে নহয়, কিন্তু জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা; শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ’ল।


কিন্তু মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰৰ লিখনিৰে প্ৰমাণিত হ’ল, সেয়ে এনে প্ৰতাপযুক্ত হৈছিল যে, ইস্ৰায়েলৰ সন্তান সকলে মোচিৰ মূখলৈ একেথৰে চাব নোৱাৰিলে, যদিও সেই প্ৰতাপ ক্ৰমান্বয়ে কমি গৈছিল,


সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা।


সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ; তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল।


প্ৰভুৱে পুনৰ কৈছে, ‘সেই সময়ৰ পাছত, ইস্ৰায়েল-বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম;’ ‘তেওঁলোকৰ চিত্তত মোৰ বিধান দিম, আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম; মই তেওঁলোকৰ ঈশ্বৰ হম আৰু তেওঁলোক মোৰ লোক হ’ব।’


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন