যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।
দ্বি.বি. 4:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল। |
যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।
যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কবা: ‘মই যে স্বৰ্গৰ পৰা তোমালোকৰ সৈতে কথা পাতিলোঁ, তোমালোকে নিজেই তাক দেখিলা।
যেতিয়া তোমালোকে সোঁফালে কি বাঁওফালে ঘুৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, “এয়ে পথ, এই পথে চলা,”
এটা মাতে চিঞৰিছে, মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।”
এজনে কৈছে, “কান্দা।” আন এজনে উত্তৰ দিছে, “মই কিয় কান্দিম?” সকলো মাংসই তৃণ হ’য়, আৰু তেওঁৰ সকলো বিশ্ৱাসযোগ্য চুক্তি পথাৰৰ ফুলৰ দৰে।
তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে৷ সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।”
কাৰণ এৱেঁই সেই যোহন, যি জনৰ বিষয়ে যিচয়া ভাৱবাদীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল যে, “মৰুপ্রান্তত এজনৰ উচ্চস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ প্রস্তুত কৰা৷ তেওঁৰ বাট পোন কৰা।”
যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ আপোনালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক কৈছিল।
সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।
তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।
আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?
তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।
এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই আপোনালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে।
যিহোৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে; যিদিনা আপোনালোক সকলোৱে যিহোৱাৰ সন্মুখত গোট খাইছিল, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল, সেইবোৰ সেই ফলি দুখনত লিখা আছিল।