Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 4:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 4:11
10 পৰস্পৰ সংযোগসমূহ  

সেইদিনা যেতিয়া পৰ্ব্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা আপোনালোকে তেওঁৰ সেই কন্ঠস্বৰ শুনিবলৈ পাইছিল, তেতিয়া আপোনালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোকসকল মোৰ ওচৰলৈ আহিছিল


যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।


সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল।


তেওঁ অন্ধকাৰেৰে নিজকে চাৰিওফালে ঢাকি ৰাখিলে; চাৰিওফালে থকা আকাশৰ ঘন ক’লা বৰষুণৰ মেঘবোৰক তেওঁ তম্বুৰূপে স্থাপন কৰিলে।


তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।


তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল।


ভুমিকম্পৰ পাছত অগ্নি হ’ল, কিন্তু সেই অগ্নিটো যিহোৱা নাছিল। অগ্নিৰ পাছত এটি মৃদু স্বৰ শুনা গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন