Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 4:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

36 তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 4:36
12 পৰস্পৰ সংযোগসমূহ  

আপুনি চীনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।


যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।


শিঙাৰ উচ্চ ধ্বনি যেতিয়া ক্রমে ক্রমে বাঢ়ি গ’ল, তেতিয়া মোচিয়ে কথা ক’লে, আৰু ঈশ্বৰে আকাশী-বাণীৰে তেওঁক উত্তৰ দিলে।


যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।


সেই চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।


সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল।


যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।


আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?


এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব।


কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত ক’লা বৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি, আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ আপোনালোক অহা নাই;


সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন