পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তান সকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিককাৰ ময়েই।
দ্বি.বি. 14:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা যি লেবীয়াসকল তেওঁলোকক নাপাহৰিব; কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই। |
পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তান সকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিককাৰ ময়েই।
সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।
সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব।
তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।
এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।